Social Media

Pin It



(Many of us already know when, how and where to use mobile phones. Again many don't know it. I am forwarding some tips to those who don't know.)

You are in a hospital for some work. Don't ever put the mobile to silent mode. Attendants are standing around the patient with a depressed and fatigued face. Suddenly the mobile rings. Excellent, if the ringtone is 'DhinkaChika' or 'SheilaKiJawani'. Don't recieve or disconnect the call immediately; let everyone be amused by the tone. Look at the number for a couple of times. Now, recieve and set out a loud roar of laughter, and then continue gossiping loudly while winking at the 'Silence Please' board on the wall.

You are riding a bike or scooter. If out of sudden, your mobile rings, don't try to park your bike and then receive the call. Else, show people how finely you can ride your bike with one hand, while the other hand is holding your mobile to your ears. If you require to pull your clutch, set the mobile between your tilted head and shoulders and then continue. While doing this, you may lose your balance and move zigzag, and the car behind you may too come to a stop. If the driver of the car gives you a rough look, just wildly smile at him 'khik khik', and get busy with your job.

If you are visiting a public temple, and you had set silent mode or switched off your mobile, it could be a kind of sin. You kneel before the deity, the priest starts chanting some mantras for the sake of good- at that very moment rings your mobile. And if your tone is an alien to the cluster of regional songs, it would be a boon. Don't feel shy in receiving the call. However hover your face around the kneeling people and the priest, and after determining how you had succeeded in bringing a shuffle among the holy atmosphere of the temple, let out a smile of internal joy.

After passengers board a flight, they are advised to switch off their mobile phones and other electronic appliances. So what? Just because they said, will you do so? Nah, Never. The flight will take-off and then your mobile rings. You're lucky. A beautiful air-hostess will rush towards you and once again make a request. You should give her a idle smile and set back with your talks. If possible, ask your co-passenger to give you missed calls every second minute or so. This will let you know until what height network coverage is provided. Now, it may happen that the beauty will request you in a tough tone. Just don't pay attention, after-all any tone from such a beauty will seem like a song to you.

Don't you have FM on your mobile phone? Don't forget to enjoy your favourate songs every moment from the earphones hung around your neck. Cross roads while you are lost in such songs. A four wheeler will have a screeching halt. Turn around and look. A bike following the car may not be able to apply brakes and hit the rears of the car and the rider may fall out on the road. The car driver may roar to you, "I'm blowing the horns for so long, what thoughts keep roaming around your head while walking, huh? Wanna die?", or some other abuses. You should let out a gentle smile, say 'Sorry', and set out with the cords back on your ear. Don't forget the word- 'Sorry', else your chances of getting a good thrashing in public can't be ruled out.

Translation of the Assamese Update is done by me.
The original Assamese update was found by me in a Assamese symposium group, 'Asomiyat Kotha Botora'.

Here is the original Assamese update:


(মোবাইল ফোন ক'ত, কেনেকৈ, কেতিয়া ব্যৱহাৰ কৰিব লাগে বহুতে জানেই৷ কিছুমানে নাজানে৷ মই কেইটামান কিটিপ আগবঢ়ালোঁ নজনাসকললৈ৷)

হ'স্পিটেললৈ গৈছে কিবা কামত৷ মোবাইলটো চাইলেন্ট ভুলতেও নকৰিব৷ ৰোগীৰ এটেন্দেন্টবোৰ ৰৈ আছে৷ মুখত উৎকন্ঠা, বেজাৰ, হতাশা৷ হঠাতে মোবাইলটো বাজি উঠিল৷ ৰিংটোন যদি 'ধিংকাচিকা' নহ'লে 'শীলা কি জৱানী' হয়, অতি উত্তম৷ বাজি উঠাৰ লগে লগে নধৰিব বা কাটিও নিদিব, সকলোকে ৰিংটোনৰ মজাটো ল'বলৈ সুযোগ দিয়ক৷ দুবাৰমান চাওঁক নম্বৰটো৷ তাৰ পিছত উঠায়ে জোৰেৰে হাঁহক, চিঞঁৰক, কথা পাতক, সন্মুখত থকা 'চাইলেন্স প্লিজ' লিখা থকা ফলকখনলৈ চকু টিপিয়াই৷

বাইক বা স্কুটাৰ চলাই গৈ আছে৷ হঠাতে যদি বাজি উঠে আপোনাৰ মোবাইল ফোনটো, বাইকখন কাষলৈ নি, ৰখাই ফোনটো ৰিচিভ কৰাৰ চেষ্টা নকৰিব৷ তাতকৈ মানুহক দেখাওঁক এখন হাতেৰে বাইক চলাই আনখন হাতেৰে ফোনটো উঠাই কেনে সুন্দৰ ভাবে আপুনি কথা পাতিব পাৰে৷ হঠাতে ক্লচ টানিবৰ প্ৰয়োজন হ'লে ডিঙিটো বেঁকা কৰি মোবাইলটো কাণ আৰু কান্ধৰ মাজত স্থাপন কৰি কথা পতা কামটো অব্যাহত ৰাখক৷ তেনেকুৱা কৰোতে আপোনাৰ বেলেন্সৰ হেৰ ফেৰ হৈ বাইকখন একাঁ-বেঁকা হ'লে আপোনাৰ ঠিক পিছে পিছে আহি থকা গাড়ীখনেও ক্ষন্তেক সময়ৰ বাবে বেলেন্স হেৰুৱাই ৰখি যাব পাৰে৷ গাড়ীৰ আৰোহীয়ে আপোনাৰ ফালে পেন্দোৱাকৈ চালে আপুনি খিক খিককৈ হাঁহি মাৰি পুণৰ কথা পতাত মত্ত হওঁক৷

ৰাজহুৱা মন্দিৰলৈ গ'লে ফোনটো চাইলেন্ট বা অ'ফ কৰি থোৱাটো একপ্ৰকাৰ পাপ বুলিয়ে গন্য কৰা যায়৷ দেৱীৰ মূৰ্ত্তিৰ সন্মুখত আঁঠু লৈছে, পূজাৰীয়ে মংগলাৰ্থে মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিছে - ঠিক এনে সময়তে বাজি উঠক আপোনাৰ মোবাইলটো৷ ৰিংটোনটো যদি 'জ্বালৱা' জাতীয় গানৰ হয়, তেনেহ'লে সোণত সুৱগা চৰিব৷ কলটো ৰিচিভ কৰি কথা পাতিবলৈ কুন্ঠাবোধ নকৰিব৷ পূজাৰী আৰু ওচৰত আঁঠু লোৱাসকলৰ মুখকেইখন চাই, মন্দিৰৰ দৰে পৱিত্ৰ ঠাইতো তেওঁলোকৰ মুখলৈ খং আৰু বিৰক্তি আনিব পাৰি মনৰ ভিতৰতে দুটা সাফল্যৰ হাঁহি মাৰক৷

ফ্লাইটত উঠাৰ পিছতে যাত্ৰীসকলক মোবাইল আৰু ইলেকট্ৰণিক সামগ্ৰী বন্ধ কৰি থবলৈ অনুৰোধ কৰে৷ অনুৰোধ কৰিলে বুলিয়েই আপুনি শুনিব নে? নুশুনিব৷ ফ্লাইটে টেক-অ'ফ কৰিব আৰু, এনেতে আপোনাৰ ফোনটো বাজি উঠিল৷ আপুনি সৌভাগ্যবান৷ সুন্দৰী এয়াৰ-হোষ্টেজে দৌৰি আহি আপোনাক আকৌ অনুৰোধ কৰিব৷ আপুনি বুৰ্বকৰ দৰে ভেঁকৈ হাঁহি পুণৰ কথা পতাত ব্যস্ত হওঁক৷ পাৰিলে লগৰজনক এক-দুই মিনিটমানৰ মূৰে মূৰে 'মিছ কল' দিবলৈ কওঁক, কিমান ওপৰলৈ আপুনি নেটৱ'ৰ্ক পায় তাক পৰীক্ষা কৰাটোও হৈ যাব৷ এইবাৰ এয়াৰ-হোষ্টজজনীয়ে অলপ টানকৈ ক'ব পাৰে যদিও টেনশ্যন নল'ব৷ সুন্দৰী এয়াৰ-হোষ্টজৰ শুৱলা মাতৰ গালি আপোনাৰ ৰোমান্টিক গানৰ কলি যেনেই লাগিব৷

মোবাইলত এফ.এম আছে নহয় আপোনাৰ? হেডফোনটো প্ৰতি মূহুৰ্ততে কাণত ওলোমাই গানৰ আমেজ ল'বলৈ নাপাহৰিব৷ তেনেকৈ গানত ডুবি ডুবি ৰাস্তা পাৰ হওঁক৷ কেৰেচকৈ বিকট শব্দ এটাৰে চাৰিচকীয়া এখন ৰৈ যাব৷ আপুনি মূৰ ঘুৰাই চাওঁক৷ গাড়ীখনৰ পিছে পিছে আহি থকা বাইকখনে ভালকৈ ব্ৰেক লগাব নোৱাৰি গাড়ীত খুণ্ডা মাৰিছে, বাইক চালকজন বাগৰি পৰিছে৷ গাড়ীৰ আৰোহীয়ে আপোনাক 'ইমানকৈ হৰ্ণ মাৰি আছোঁ, কি ভাবি খোজ কাঢ়ে হে? মৰিবলে আহিছে?' বুলি দুই-এক কথা শুনাব পাৰে, আপুনি হাঁহি এটা মাৰি "ছ'ৰি" বুলি পুণৰ কাণত হেড'ফোনটো ওলমাই আগবাঢ়ক৷ "ছ'ৰি" ক'বলৈ নাপাহৰিব কিন্তু, নহ'লে 'পাব্লিক ধুলাই' খোৱাৰ সম্ভাৱণা নুই কৰিব নোৱাৰি৷

  • Digg
  • StumbleUpon
  • Reddit
  • RSS

click here and get involved...

Support WWFI support WWFSupport WWF

my world and me..